I am now accessing as a :

Government Of Assam Finance

বিত্ত বিভাগৰ ইতিহাস

Error message

  • Unable to create CTools CSS cache directory. Check the permissions on your files directory.
  • Unable to create CTools CSS cache directory. Check the permissions on your files directory.

স্বাধীনতাৰ আগেয়ে অসমৰ বিত্ত বিভাগ ক্ৰমে দুই ভাগত বিভক্ত আছিল, বিত্ত আৰু বাজেট। যি কি নহওক সময়ৰ লগে লগে অসমৰ অৰ্থনীতিৰ পৰিসৰ বৃদ্ধি হোৱাৰ লগতে নানাবিধ অনুস্থান সক্ৰিয় হৈ উঠে। সলনি হবলৈ ধৰা অনূকুল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিত্ত বিভাগটো ক্ৰমশ বিস্তাৰিত হৈ বৰ্ত্তমানে ১২ টা শাখালৈ বৃদ্ধি পাই।

১৮৬০ চনৰ ৭ এপ্ৰিল তাৰিখে ভাৰতত পোনপ্ৰথমবাৰৰ বাবে বাজেট প্ৰণালীৰ আৰম্ভনি হয়।প্ৰথমজন ভাৰতীয় বিত্তীয় সদস্য জেমচ্ উইলছনে বাজেট সম্পৰ্কীয় বক্তৃতা তথা ভাৰতৰ সম্পূৰ্ণ বিত্তীয় নীতিৰ বাখ্যা বিস্তাৰিত ৰূপত আগবঢ়াইছিল। স্বাধীনোত্তৰ কালৰ ৰাষ্ট্ৰ সংঘৰ প্ৰথমখন বাজেট ভাৰতৰ প্ৰথমজন বিত্তীয় মন্ত্ৰী শ্ৰী আৰ.কে শন্মুঘম চেট্টীয়ে উত্থাপন কৰিছিল ১৯৪৭ চনৰ ২৬ নৱেম্বৰত।

১৯৩৭ চনৰ ৩ আগষ্ট তাৰিখে, ভাৰত স্বাধীন হোৱাৰ সময়ছোৱাত অসমৰ বাবে প্ৰথমখন বাজেট উত্থাপন কৰিছিল তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী মৌলৱী চৈয়দ ছাৰ আব্দুল্লাই । স্বাধীনতাৰ পিছত অসমৰ বাবে প্ৰথমখন বাজেট উত্থাপন কৰিছিল তেতিয়াৰ অসমৰ বিত্তীয় মন্ত্ৰী বিষ্নুৰাম মেধীয়ে ১৯৪৮ চনৰ ১১ মাৰ্চ তাৰিখে।

১৮৬৭ চনৰ পৰা কেন্দ্ৰ আৰু ৰাজ্যৰ বাবে এপ্ৰিলৰ পৰা মাৰ্চলৈ এই সময়ছোৱা বিত্তীয় বৰ্ষ হিচাপে নিৰ্ধাৰিত হৈ আহিছে। সেয়েহে ভাৰতবৰ্ষত বিত্তীয় বৰ্ষ আৰম্ভ হয় মে’ মাহত আৰু অন্ত পৰে বছৰি ৩০ এপ্ৰিলত।