মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিত্ত বিভাগ

বিত্তীয় নিৰাপত্তাৰ বাবে ক্ষুদ্ৰ সঞ্চয়

ডাকঘৰ জমা এক্যাউন্টঃ
নূন্যতম ২০ টকাৰে কোনো পুৰুষ/মহিলা(আৰু যুটীয়া এক্যাউন্টৰ ক্ষেত্ৰত কোনো ব্যক্তি)উভয়ে নিজাববীয়াকৈ ডাক জমা এক্যাউন্ট খুলিব পাৰে। চেক্ বহীৰ সুবিধা নথকা এক্যাউন্টত নূন্যতম জমা ৫০ টকা আৰু চেক্ বহীৰ সুবিধা থকা এক্যাউন্টত নূন্যতম জমা ৫০০ টকা থকাতো বাঞ্ছণীয়। প্ৰত্যেকটো এক্যাউন্টৰ পৰা বছৰি ১০,০০০ টকালৈকে কৰ মুক্ত সুদ লাভ।

মুখ্য বিশেষত্বঃ
১. এটা ডাকঘৰৰ পৰা আন এটা ডাকঘৰলৈ এক্যাউন্ট বদলি কৰিব পাৰে।
২.কোনো নাবালকৰ নামত এক্যাউন্ট খুলিব পাৰে আৰু ১০ বছৰ বা ততোধিক বয়সৰ নাবালকে এক্যাউন্ট খোলাৰ লগতে কাৰ্যকৰী কৰিব পাৰে।
৩. দুই-তিনিজন প্ৰাপ্তবয়স্ক লগ হৈও একোটা যুটীয়া এক্যাউন্ট খুলিব পাৰে।
৪.এক্যাউন্টটো সক্ৰিয় কৰি ৰাখিবলৈ, সাচঁতীয়া ধন অতিকমেওঁ এবাৰ লেনদেন বা তিনিটা বিত্তীয় বৰ্ষত প্ৰত্যাহাৰ কৰাতোঁ আৱশ্যকীয়।
৫. এটা একক এক্যাউন্ট যুটীয়া বা ইয়াৰ বিপৰীতে পৰিৱৰ্ত্তন কৰিব পাৰি।
৬. সংখ্যাগৰিষ্ঠতা প্ৰাপ্তিৰ পিছত, নাবালকে নিজৰ নামত এক্যাউন্ট ৰূপান্তৰণৰ কাৰনে আবেদন জনাব লাগিব।
৭. আন্ত ডাকঘৰ লেনদেন চি বি এছ ডাকঘৰৰ মাজত কৰিব পাৰি।
৮. এ টি এম/ঋণ পত্ৰ, চি বি এছ ডাকঘৰৰ জমা এক্যাউন্টধাৰীৰ বাবে জাৰী কৰিব পাৰে।

ৰেকাৰিং জমা এক্যাউন্টঃ

ৰেকাৰিং জমা এক্যাউন্ট প্ৰত্যেক মাহে নূন্যতম ১০ টকা বিনিয়োগেৰে বা ৫ টকা গুণিতকত কোনো পৰিমাণেৰে খুলিব পাৰে।কোনো অধিকতম সীমা নাই। এক্যাউন্ট খোলাৰ সময়ত বা পিছত নামাংকনৰ সুবিধা উপলব্ধ।

মুখ্য বিশেষত্বঃ
১. এটা ডাকঘৰৰ পৰা আন এটা ডাকঘৰলৈ এক্যাউন্ট বদলি কৰিব পাৰে।
২. যিকোনো ডাকঘৰত যিকোনো সংখ্যাৰ এক্যাউন্ট খুলিব পাৰি।
৩. কোনো নাবালকৰ নামত এক্যাউন্ট খুলিব পাৰে আৰু ১০ বছৰ বা ততোধিক বয়সৰ নাবালকে এক্যাউন্ট খোলাৰ লগতে কাৰ্যকৰী কৰিব পাৰে।
৪. দুই-তিনিজন প্ৰাপ্তবয়স্ক লগ হৈও একোটা যুটীয়া এক্যাউন্ট খুলিব পাৰে।
৫. অতিকমেও ৬ টা কিস্তিৰ আগতীয়া জমাৰ ওপৰত ৰেহাই।
৬. এটা একক এক্যাউন্ট যুটীয়া বা ইয়াৰ বিপৰীতে পৰিৱৰ্ত্তন কৰিব পাৰি।
৭. সংখ্যাগৰিষ্ঠতা প্ৰাপ্তিৰ পিছত, নাবালকে নিজৰ নামত এক্যাউন্ট ৰূপান্তৰণৰ কাৰনে আবেদন জনাব লাগিব।

সময় জমাৰাশি এক্যাউন্টঃ
সময় জমাৰাশি এক্যাউন্ট চাৰিটা সময়সীমাত খুলিব পাৰি-এবছৰ, দুবছৰ, তিনিবছৰ আৰু পাচঁবছৰত। কোনো ব্যক্তি এক্যাউন্ট খোলাৰ নূন্যতম পৰিমান ২০০ টকা যদিও অধিকতম সীমা নাই।

মুখ্য বিশেষত্বঃ
১. এটা ডাকঘৰৰ পৰা আন এটা ডাকঘৰলৈ এক্যাউন্ট বদলি কৰিব পাৰে।
২. যিকোনো ডাকঘৰত যিকোনো সংখ্যাৰ এক্যাউন্ট খুলিব পাৰি।
৩. কোনো নাবালকৰ নামত এক্যাউন্ট খুলিব পাৰে আৰু ১০ বছৰ বা ততোধিক বয়সৰ নাবালকে এক্যাউন্ট খোলাৰ লগতে কাৰ্যকৰী  কৰিব পাৰে।
৪. দুই-তিনিজন প্ৰাপ্তবয়স্ক লগ হৈও একোটা যুটীয়া এক্যাউন্ট খুলিব পাৰে।
৫.  এটা একক এক্যাউন্ট যুটীয়া বা ইয়াৰ বিপৰীতে পৰিৱৰ্ত্তন কৰিব পাৰি।
৬. সংখ্যাগৰিষ্ঠতা প্ৰাপ্তিৰ পিছত, নাবালকে নিজৰ নামত এক্যাউন্ট ৰূপান্তৰণৰ কাৰনে আবেদন জনাব লাগিব।
৭.  ৫ বছৰ সময় জমাৰাশি আঁচনিৰ অন্তৰ্গত তথা আয়কৰ আইন ১৯৬১ ৰ ৮০ চি ধাৰাৰ অধীনত বিনিয়োগ কৰিলে লাভালাভৰ যোগত্যা অৰ্জন কৰে।

মাহিলী আয় আঁচনিঃ

মাহিলী আয় আঁচনি এক জনপ্ৰিয় আঁচনি, য’ত একক এক্যাউন্টৰ বাবে এগৰাকী এক্যাউন্টধাৰীয়ে সৰ্বনিম্ন ১৫০০ টকা আৰম্ভনিৰে অধিকতম ৪.৫ লাখ টকালৈকে আৰু যুটীয়া এক্যাউন্টৰ গৰাকীয়ে ৯ লাখ টকালৈকে নিৰ্ধাৰিত জমা ধন ৰাখিব পাৰে তথা জমাঁৰাশিৰ পৰা সুত প্ৰতি মাহত পুনৰাই ভূগতান কৰা হয়।

মুখ্য বিশেষত্বঃ
১. যুটীয়া এক্যাউন্টত এজন ব্যক্তিৰ ভাগৰ হিচাপ কৰিবলৈ, প্ৰতিটো যুটীয়া এক্যাউন্টৰ গৰাকীয়ে প্ৰতিটো যুটীয়া এক্যাউন্টত অংশৰ সমানভাগ থাকিব লাগিব।
২. এক্যাউন্ট খোলাৰ সময়ত বা পিছত নামাংকনৰ সুবিধা উপলব্ধ।
৩ এটা ডাকঘৰৰ পৰা আন এটা ডাকঘৰলৈ এক্যাউন্ট বদলি কৰিব পাৰে।
৪. প্ৰতিটো এক্যাউন্টত জমা ধন যোগ কৰাৰ মাধ্যমত যিকোনো ডাকঘৰত সৰ্বাধিক বিনিয়োগৰ সাীমা সাপেক্ষে যিকোনো সংখ্যাক এক্যাউন্ট খুলিব পাৰি।
৫. কোনো নাবালকৰ নামত এক্যাউন্ট খুলিব পাৰে আৰু ১০ বছৰ বা ততোধিক বয়সৰ নাবালকে এক্যাউন্ট খোলাৰ লগতে কাৰ্যকৰী কৰিব পাৰে।
৬. দুই-তিনিজন প্ৰাপ্তবয়স্ক লগ হৈও একোটা যুটীয়া এক্যাউন্ট খুলিব পাৰে।
৭. প্ৰতিটো যুটীয়া এক্যাউন্টৰ গৰাকীৰে প্ৰতিটো যুটীয়া এক্যাউন্টত অংশৰ সমানভাগ থাকিব লাগিব।
৮. এটা একক এক্যাউন্ট যুটীয়া বা ইয়াৰ বিপৰীতে পৰিৱৰ্ত্তন কৰিব পাৰি।
৯. সংখ্যাগৰিষ্ঠতা প্ৰাপ্তিৰ পিছত, নাবালকে নিজৰ নামত এক্যাউন্ট ৰূপান্তৰণৰ কাৰনে আবেদন জনাব লাগিব।
১০. পৰিপক্কতা ম্যাদ ৫ বছৰ।
১১. এবছৰৰ পিছতেই অকালতে জমাধন নগদ কৰিব পাৰি কিন্তু, জমাৰ ২ শতাংশ আৰু ৩ বছৰৰ পিছত ১ শতাংশ ৰেহাই ৩ বছৰৰ আগতে জমা দিয়া হয়(ৰেহাইৰ অৰ্থ জমাঁধনৰ পৰা বিয়োগ)।

জন ভৱিষ্যনিধি এক্যাউন্টঃ

এখন বিনিয়োগ আঁচনি, য’ত এজন ব্যক্তিয়ে ১০০ টকা জমাত এক্যাউন্ট খুলিব পাৰে কিন্তু এটা বিত্তীয় বৰ্ষত সৰ্বনিম্ন ৫০০ টকা আৰু অধিকতম ১.৫ লাখ জমা কৰিব লগিব। জমা ধন সমুহ মোটা অঙ্ক বা ১২ টা সমান কিস্তিত ভাগ কৰা যায়।

মুখ্য বিশেষত্বঃ
১. যুটীয়া এক্যাউন্টৰ কোনো ব্যৱস্থা নাই।
২. এক্যাউন্ট খোলাৰ সময়ত বা পিছত নামাংকনৰ সুবিধা উপলব্ধ। এটা ডাকঘৰৰ পৰা আন এটা ডাকঘৰলৈ এক্যাউন্ট বদলি কৰিব পাৰে।
৩. প্ৰতিটো এক্যাউন্টত জমা ধন যোগ কৰাৰ মাধ্যমত সৰ্বাধিক বিনিয়োগৰ সাীমা সাপেক্ষে, কোনো গ্ৰাহকে নাবালকৰ নামত অন্য এক্যাউন্ট খুলিব পাৰে।
৪. পৰিপক্কতা ম্যাদ ১৫ বছৰ কিন্তু এবছৰৰ ভিতৰত পৰিপক্কতাৰ সময় আৰু ৫ বছৰ বঢ়াব পৰা যায়।
৫. পৰিপক্কতাৰ মূল্য সম্প্ৰসাৰণৰ অবিহনে আৰু জমা ধনৰ উপৰিও অব্যাহত হৈ থাকিব পাৰে।
৬. ১৫ বছৰৰ আগত অকাল মুদন হোৱাৰ অনুমতি নাই।
৭. আয়ৰ পৰা বিয়োগৰ বাবে আয়কৰ আইন ১৯৬১ ৰ ৮০ চি ধাৰাৰ অধীনত জমা ধনে যোগ্যতা লাভ কৰে।
৮. সুদ সম্পূৰ্ণভাবে কৰ মুক্ত।
৯. এক্যাউন্ট খোলাৰ পৰা সপ্তম বিত্তীয় বৰ্ষলৈকে, প্ৰত্যেক বছৰ প্ৰত্যাহাৰ বিধিসন্মত। তৃতীয় বিত্তীয় বৰ্ষৰ পৰা এক্যাউন্টধাৰীৰ দ্বাৰা ঋণ সুবিধা উপলব্ধ।

ৰাষ্ট্ৰীয় সঞ্চয় মানপত্ৰঃ

এই বিশাল আঁচনিখন বেতনভোগী পেশাদাৰী আৰু ব্যৱসায়ী উভয়ৰ বাবেই আয়কৰ সুবিধাৰ সৈতে বিশেষভাবে ৰূপাঙ্কণ কৰা হয়ছে।

মুখ্য বিশেষত্বঃ
১. বিনিয়োগৰ অধিকতম সীমা নাই।
২. উত্সাহ কৰ বিয়োগ নহয়।
৩. বেংকৰ পৰা ঋণ পাবলৈ প্ৰমান পত্ৰসমুহ সপাৰ্শ্চিক সুৰক্ষাৰ ৰূপত ৰখা হয়।
৪. আয়কৰ আইন ১৯৬১ ৰ ৮০ চি ধাৰাৰ অধীনত বছৰি ১ লাখ টকা পৰ্য্যন্ত বিনিয়োগত আয়কৰ ৰেহাইৰ বাবে যোগ্যতা লাভ।
৫. এজন প্ৰাপ্ত বয়স্কই নিজৰ বাবে বা এজন নাবালকৰ পক্ষে বা নাবালকৰ দ্বাৰা একক ধাৰক ধৰনৰ মানপত্ৰ ক্ৰয় কৰিব পাৰে।

জেষ্ঠ নাগৰিক সঞ্চয় আঁচনিঃ

এই আঁচনিৰ অধীনত একক আমানত হিচাপে এক্যাউন্টত ১হাজাৰ টকাৰ পৰা সৰ্বোচ্চ ১৫লাখ টকা পৰ্যন্ত জমা ৰাখিব লাগিব। এক্যাউন্টতো খুলিবলৈ এক্যাউন্টৰ গৰাকীৰ বয়স ৬০ বা ততোধিক হোৱাতো প্ৰাথমিক মাপকাঠী। যি কি নহওক কোনো এজন ব্যক্তিৰ বয়স যদি ৫৫ বছৰ বা তাতকৈ বেছি কিন্তু ৬০ত কৈ কম বা বাৰ্ধক্যৰ বাবে ঐচ্ছিক অৱসৰ গ্ৰহণ কৰিছে তেন্তে ঐচ্ছিক অৱসৰ আঁচনিৰ সুবিধাসমূহ প্ৰাপ্তিৰ এক মাহৰ ভিতৰত এক্যাউন্ট খোলাৰ চৰ্ত সাপেক্ষে খুলিব পাৰে কিন্তু অৱসৰ গ্ৰহণৰ সুবিধাৰ পৰিমাণ অতিক্ৰম হোৱাটো অনুচিত।সুতৰ পৰিমাণ যদি বছৰি ১০হাজাৰত কৈ বেছি তেন্তে সুতৰ উত্স অনুসৰি টি ডি এছ বিয়োগ কৰা হয়।

মুখ্য বিশেষত্বঃ
১. পৰিপক্কতা ম্যাদ ৫ বছৰ।  
২. জমাকাৰীয়ে ব্যক্তিগত ক্ষমতাৰে বা যুটীয়া ভাবে(স্বামী/স্ত্ৰী)এটা বা ততোধিক এক্যাউন্ট কাৰ্যকৰী কৰিব পাৰে ।
৩. এটা ডাকঘৰৰ পৰা আন এটা ডাকঘৰলৈ এক্যাউন্ট বদলি কৰিব পাৰে।
৪. প্ৰতিটো এক্যাউন্টত জমা ধন যোগ কৰাৰ মাধ্যমত যিকোনো ডাকঘৰত সৰ্বাধিক বিনিয়োগৰ সাীমা সাপেক্ষে যিকোনো সংখ্যাক এক্যাউন্ট খুলিব পাৰে।
৫. যুটীয়া এক্যাউন্ট কেৱল মাত্ৰ স্বামী/স্ত্ৰীয়ে খুলিব পাৰে আৰু যুটীয়া এক্যাউন্টত প্ৰথম জমাঁকাৰী গৰাকীয়েই বিনিয়োগকাৰী।
৬. জমাৰ ১.৫ শতাংশৰ সম পৰিমাণ আৰু ২বছৰ পিছত জমাৰ ১ শতাংশ বিয়োগ এবছৰ পিছত অকাল মুদনৰ অনুমতি ।
৭. সুতৰ পৰিমান বছৰি ১০,০০০ ত কৈ বেছি হ’লে সুদৰ উত্সত টি ডি এছ কৰ্তন কৰা হয়।
৮. জেষ্ঠ নাগৰিক সঞ্চয় আঁচনিৰ অন্তৰ্গত তথা আয়কৰ আইন ১৯৬১ ৰ ৮০ চি ধাৰাৰ অধীনত অধীনত বিনিয়োগ কৰিলে লাভালাভৰ বাবে যোগ্যতা অৰ্জন কৰে।

কিশান বিকাশ পত্ৰঃ

কিশান বিকাশ পত্ৰ এনেকোৱা এখন বিনিযোগ আঁচনি য’ত, ১১০ মাহত বিনিযোগ দ্বিগুণ হয়। এইটো ১০০০, ৫০০০, ১০,০০০ আৰু ৫০,০০০ টকা মূল্যত বিনিয়োগ প্ৰমাণ পত্ৰৰ ৰূপত উপলব্ধ।

মুখ্য বিশেষত্বঃ
১. জমাৰ নূন্যতম সীমা ১০০০, অধিকতম সীমা মাই।
২. এজন প্ৰাপ্ত বয়স্কই নিজৰ বাবে বা এজন নাবালকৰ পক্ষে বা নাবালকৰ দ্বাৰা মানপত্ৰ ক্ৰয় কৰিব পাৰে।
৩. কিশান বিকাশ পত্ৰইও কোনো বিভাগীয় ডাকঘৰৰ কৰা ক্ৰয় কৰিব পাৰে।
৪. নামাংকনৰ সুবিধা উপলব্ধ।
৫. এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ আৰু এটা ডাকঘৰৰ পৰা আন এটা ডাকঘৰলৈ মানপত্ৰ ৰূপান্তৰ কৰিব পাৰে।

সুকন্যা সমৃদ্ধি এক্যাউন্টঃ

সুকন্যা সমৃদ্ধি আঁচনি বিশেষকৈ কন্যা সন্তানৰ পিতৃৰ কাৰনে ৰূপাঙ্কণ কৰা হৈছে। বেটী বচাওঁ, বেটী পঢ়াওঁ কাৰ্যসূচীৰ অংশ স্বৰূপে ২০১৫ চনৰ জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই আঁচনিখন ৰূপায়ন কৰে।

মুখ্য বিশেষত্বঃ

  • এই এক্যাউন্টটো বাণিজ্যিক বেংক অধিকৃত যিকোনো ডাকঘৰ বা শাখাতেই খুলিব পাৰি।

  • এটা বিত্তীয় বৰ্ষত বিনিয়োগৰ পৰিমাণ নুন্যতম ১০০০ আৰু অধিকতম ১.৫ লাখ। পৰৱৰ্ত্তী সময়ত জমা কৰা ধন ১০০ টকাত সৰ্বাধিক।

  • এটা বিত্তীয় বৰ্ষত বা এটা মাহত জমাঁৰাশিৰ কোনো সীমা নাথাকে।

  • ন্যায্য অভিভাৱক বা প্ৰাকৃতিক অভিভাৱকেও ছোৱালীৰ নামত এক্যাউন্ট খুলিব পাৰে।

  • এজন অভিভাৱকে এজনী ছোৱালীৰ বাবে মাত্ৰ এটা এক্যাউন্ট আৰু দুজনী বেলেগ বেলেগ কন্যা সন্তানৰ নামত অধিকতম দুটা এক্যাউন্ট খুলিব পাৰে।

  • জন্মৰ তাৰিখৰ পৰা ১০ বছৰ বয়সত এক্যাউন্ট খুলিব পাৰে।

  • পূৰ্বৱৰ্ত্তী বিত্তীয় বৰ্ষৰ শেষত, এক্যাউন্টধাৰীয়ে ১৮ বছৰ বয়স হোৱাৰ পিছত, সন্মত সৰ্বাধিক ৫০ শতাংশ ৰাহিৰ আংশিক প্ৰত্যাহাৰ কৰিব পাৰে।

  • ২১ বছৰৰ পিছত এক্যাউন্টটো বন্ধ কৰা হ’ব।

  • ১৮ বছৰ বয়স সম্পূৰ্ণ হোৱাৰ পিছত, যদিহে ছোৱালীজনী বিবাহিত হয়, তেন্তে সাধাৰণ অকাল অবসানৰ অনুমতি দিয়া হ’ব।

উত্সঃ ইণ্ডিয়া পোষ্ট

  •  
বিত্তীয় নিৰাপত্তাৰ বাবে ক্ষুদ্ৰ সঞ্চয়