মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিত্ত বিভাগ

বিত্তীয় সমাবেশন এজনৰ বাবে আৰু সকলোৰে কাৰনে

বিত্তীয় সমাবেশনঃ এজনৰ বাবে আৰু সকলোৰে কাৰনে-

বিত্তীয় সমাবেশন হৈছে দেশৰ প্ৰত্যেকখন ঘৰতে একোটাকৈ বেংক এক্যাউন্ট সুনিশ্চিত কৰিবলৈ লোৱা ভাৰত চৰকাৰৰ এক ধ্বজ্জাবাহক কাৰ্যসূচী। অসম চৰকাৰে এই অনুষ্ঠানক যথাযথ অগ্ৰাধিকাৰ দিছে আৰু ৰাজ্যিক পৰ্য্যায়ৰ বেংক সমিতি মঞ্চৰ দ্বাৰা নিয়মিত পৰ্যবেক্ষণ কৰি আছে।

সাৰ্বজনিক ক্ষেত্ৰৰ বেংকসমূহে, অসমত বিত্তীয় সমাবেশন অভিযান ফলপ্ৰসূভাবে আৰম্ভ কৰিছে। ৰাজ্যিক পৰ্য্যায়ৰ বেংক সমিতিৰ সক্ৰিয় সহযোগিতাৰ সৈতে ৰাজ্যত বেংক কাৰ্য্যতন্ত্ৰ, বহু বছৰ ধৰি প্ৰসাৰিত হৈ আহিছে। বাণিজ্যিক বেংকে নিজস্ব পদাঙ্ক, ২০০১ চনৰ ৩১ মাৰ্চৰ মাত্ৰ ১২৯৭ টা শাখাৰ পৰা, ২০১৫ চনৰ ৩০ ছেপ্টেম্বৰ তাৰিখৰ ভিতৰত ২১৭৩ টা শাখালৈ বৃদ্ধি কৰিছে

এটা পৰিয়াল এটা বেংক এক্যাউন্টঃ ভাৰত চৰকাৰৰ কৰ্মসংস্থান সৃষ্টি প্ৰকল্পৰ ভূমিকাৰ বাবে আৰম্ভ কৰি গ্ৰাম্য আয় বৃদ্ধিৰ লগে লগে বিভি্ন্ন বিত্তীয় সেৱা, যেনে- আবাস ঋণ, কৃষি ঋণ, শৈক্ষিক ঋণ আদি প্ৰেৰণ সেৱাৰ চাহিদা গ্ৰামীণ অঞ্চলত অকল্পনীয়ভাবে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

হঠাত্ বৃদ্ধি হোৱা সুতৰ সৈতে সন্মুখীন হবলৈ আৰু বিত্তীয় সমাবেশন কাৰ্যক্ৰমক নতুন ধৰনেৰে তাগিদা দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ আৰম্ভনি কৰে।

বেংক মিত্ৰ নামেৰে পৰিচিত এটা বেংক শাখা বা স্থিৰ বিন্দু বেংকিঙ সংবাদদাতাঁৰ মাধ্যমত সমগ্ৰ দেশত সমস্থ পৰিয়ালৰ বাবে বেংক সুবিধাৰ সাৰ্বজনীন প্ৰবেশধিকাৰ প্ৰদানৰ লক্ষ্য। আৰ্থিক অন্তৰ্ভূক্তি নিশ্চিতকৰনেৰে পৰিয়ালৰ প্ৰতি, গাইগুটীয়াকৈ বেংক এক্যাউন্ট খোলাৰ উদ্দেশ্যটো আছিল বেচ সফল। ২০১৬ চনৰ ৩১ মাৰ্চলৈ সৰ্বমুঠ ৬৩,৩০,৫৫৮ টা এক্যাউন্ট খোলা হৈছে।

আৰ্থিক সাক্ষৰতা কেন্দ্ৰসমূহঃ জন সচেতনতামূলক অভিযানৰ এক বৃহত্ চুক্তি তথা আৰ্থিক অন্তৰ্ভূক্তিক আৰু অধিক কাৰ্যকৰী কৰিবলৈ বেংকসমূহৰ দ্বাৰা আৰম্ভ কৰা হৈছে। আৰ্থিক সাক্ষৰতা কেন্দ্ৰসমূহ ৰাজ্যৰ প্ৰতিখন জিলাতে অৱস্থিত। অসমত ২০১৫-১৬ বিত্তীয় বৰ্ষৰ সময়ত, ২০১৬ চন পৰ্য্যন্ত সমগ্ৰ গ্ৰাম্য বেংক শাখাৰ দ্বাৰা সৰ্বমুঠ ১৫৫৩ টা আৰ্থিক সাক্ষৰতা শিবিৰ আয়োজন কৰা হৈছিল।

ডাউনলোড

Downloads
TitleSizeDetail
৩০/০৪/২০১৫ তাৰিখলৈকে সংস্থাগত বিত্তীয় বিভাগৰ কাৰ্যাৱলী সন্দৰ্ভত মাহেকীয়া প্ৰতিবেদন ইউ.ও. সংখ্যা_এফ.আই.এফ. ২০.২০১৫.৩, তাৰিখ-১৮/০৫1.42 MBswf-image
বিত্তীয় সমাবেশন এজনৰ বাবে আৰু সকলোৰে কাৰনে-