মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিত্ত বিভাগ

সুকন্যা সমৃদ্ধি আপোনাৰ কন্যা সন্তানৰ বাবে

সুকন্যা সমৃদ্ধি এক্যাউন্ট কি ?

সুকন্যা সমৃদ্ধি হিচাপ আঁচনি বিশেষকৈ কন্যা সন্তানৰ পিতৃৰ কাৰনে ৰূপাঙ্কণ কৰা হৈছে। বেটী বচাওঁ, বেটী পঢ়াওঁ কাৰ্যসূচীৰ অংশ স্বৰূপে ২০১৫ চনৰ জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই আঁচনিখন ৰূপায়ন কৰে। এই আঁচনিখনে অভিভাৱকক তেওঁলোকৰ কন্যা সন্তানৰ ভৱিষ্যতৰ শিক্ষা আৰু বিবাহ ব্যায় সাপেক্ষে এটা নিধি নিৰ্মাণ কৰি উত্সাহিত কৰে। ভাৰতবৰ্ষৰ যিকোনো ডাকঘৰত বা বাণিজ্যিক বেংকৰ ৰূপাঙ্কিত শাখাত এক্যাউন্ট খুলিব পাৰি।

সুকন্যা সমৃদ্ধি এক্যাউন্ট কোনে খুলিব পাৰে ?

কন্যা সন্তান জন্মৰ লগে লগে ১০ বছৰ নহোৱালৈকে, অভিভাৱকে এই এক্যাউন্টটো খুলিব পাৰে। এজনী কন্যাৰ বাবে মাত্ৰ এটা এক্যাউন্ট খোলাৰ অনুমতি প্ৰদান। অভিভাৱকে প্ৰত্যেকটো সন্তানৰ বাবে সৰ্বাধিক দুটা এক্যাউন্ট খুলিব পাৰে। তথাপিও যমজ বা ত্ৰয়ী সন্তানৰ ক্ষেত্ৰত অধিক এক্যাউন্ট খোলাৰ বাবে ব্যতিক্ৰম সন্মতি প্ৰদান। ভাৰতবৰ্ষৰ ভিতৰত যিকোনো ঠাইতে এক্যাউন্ট ৰূপান্তৰ কৰিব পাৰি।

এক্যাউন্টৰ বাবে প্ৰয়োজনীয় নথিপত্ৰঃ
১. সুকন্যা সমৃদ্ধি এক্যাউন্ট খোলাৰ আবেদন পত্ৰ।
২. কন্যা সন্তানৰ জন্মৰ প্ৰমাণ পত্ৰ।
৩. পৰিচয় প্ৰমাণ (আৰ বি আইৰ, কে ৱাই চি নিৰ্দেশনা অনুসৰি) ।
৪. আবাস প্ৰমাণ  (আৰ বি আইৰ, কে ৱাই চি নিৰ্দেশনা অনুসৰি) ।

সুকন্যা সমৃদ্ধি এক্যাউন্ট ইমান বিশেষ কিয় ?
১. বিত্ত মন্ত্ৰালয়ৰ দ্বাৰা সময়ে সময়ে নিয়মিত হৈ থকা আকৰ্ষণীয় সুদৰ হাৰ এক্যাউন্টধাৰীয়ে লাভ কৰে।
২. এটা বিত্তীয় বৰ্ষত নূন্যতম ১০০০ আৰু অধিকতম ১.৫ লাখ বিনিয়োগ কৰিব পাৰি।
৩. উচ্চ শিক্ষাৰ ক্ষেত্ৰত ১৮ বছৰ বয়সত, জমা ধনৰ ৫০ শতাংশ প্ৰত্যাহাৰ কৰিবলৈ এক্যাউন্টৰ অনুমতি প্ৰদান।
৪. ২১ বছৰ বয়সত এক্যাউন্টটো পৈণত অৱস্থা প্ৰাপ্ত হয়। যদি এক্যাউন্টটো বন্ধ কৰা নহয় তেন্তে,  প্ৰচলিত নিৰিখত ঋণ উপাৰ্জন অব্যাহত থাকিব।
৫. যদি ছোৱালীজনীৰ বিবাহ নাইবা ১৮ বছৰ পাৰ হ’ল, তেনেহলে সাধাৰণ অবসানৰ সন্মতি প্ৰদান কৰা হয়।

লাভালাভঃ

কৰ ৰেহাইঃ সুকন্যা সমৃদ্ধি আঁচনিৰ বিনিয়োগক, আয়কৰ আইন ১৯৬১ ৰ ৮০ চি ধাৰাৰ অধীনত ৰেহাই দিয়া হয়।

প্ৰত্যাহাৰৰ সুবিধাঃ উচ্চ শিক্ষাৰ ক্ষেত্ৰত ১৮ বছৰ বয়সত, জমা ধনৰ ৫০ শতাংশ প্ৰত্যাহাৰ কৰিবলৈ এক্যাউন্টৰ অনুমতি প্ৰদান।

ডাউনলোড

Downloads
TitleSizeDetail
সুকন্যা সমৃদ্ধি এক্যাউন্ট খোলাৰ প্ৰ-পত্ৰ544.02 KBswf-image
সুকন্যা সমৃদ্ধি  আপোনাৰ কন্যা সন্তানৰ বাবে