মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিত্ত বিভাগ

আমাৰ কাৰ্য্যবলী

বিত্ত বিভাগ – সংক্ষেপতে ১২ টা শাখা

বিত্ত (সংস্থাপন- এ) বিভাগ

অসম চৰকাৰৰ বিত্ত (সংস্থাপন এ) বিভাগটোৱে সামৰি লোৱা দিশ সমূহ এনে ধৰনৰ বেতনৰ স্থায়ীকৰন, বিশেষ বেতন, দৰমহাৰ সমতা বা বৃদ্ধি হোৱা, স্বত্ব বা অৰ্ধ লীন, নৈমিত্তিক কৰ্মচাৰী আৰু বঙলা পিয়নৰ স্থায়ী বেতন নিৰ্ধাৰন, নিবাসৰ ভাত্তা, যোগদানৰ সময়সীমা সম্প্ৰসাৰন,অগ্ৰিম বৃদ্ধি বা স্থবিৰতা বৃদ্ধি, ৰাজপত্ৰিত অৱস্থা(গ্যেজেটেড ষ্টেটাচ), বিভাগীয় প্ৰধানসকলৰ ঘোষণা, বিদেশ ভ্ৰমনৰ ক্ষেত্ৰত ৰাজকোষৰ আৰ্থিক সহায়, মৰগীয়া বানচৰ মুকলি বা মৰগীয়া সকাহ, দেশ বা দেশৰ বাহিৰত প্ৰশিক্ষণৰ বাবে প্ৰতিনিধিত্ব, বিদেশ পৰিসেৱাৰ চৰ্তাৱলীৰ ক্ষেত্ৰত প্ৰতিনিধিত্ব আৰু বিদেশী বৃত্তি,সমগ্ৰ ৰাজ্যৰ পৰিসেৱা নিয়মৰ আৰ্থিক দিশৰ ওপৰত তদন্ত, মৌলিক আৰু ৰাজসাহায্য বিধিৰ বাখ্যা, অসম আৰ্থিক বিধি, দ্বৈত কাৰ্যভাৰ, নিলম্বনৰ সময়কাল নিয়মিতকৰন, জন্মৰ তাৰিখ পঞ্জীয়ন নাইবা সলনি, ছুটীৰ নিয়ম, শৈক্ষিক ছুটীৰ লগতে আৰ্থিক নিয়ম আৰু আদেশৰ সৈতে সম্পৰ্কিত অন্য কোনো বিষয়ৰ বাবে অনুদান ইত্যাদি।

শাসকীয় নিয়ম আৰু আইনঃ

নিম্নোলিখিত বিধি সমূহৰ বাবে বিত্ত (সংস্থাপন এ) বিভাগ কৰ্তৃপক্ষ দায়বদ্বঃ

  • মৌলিক আৰু ৰাজসাহায্য বিধি
  • অসম আৰ্থিক বিধি
  • অধ্যয়ন কেন্দ্ৰীক ছুটীৰ লগতে ছুটীৰ নিয়ম


বিত্ত (সংস্থাপন বি) বিভাগ
ছয় নিৰ্দেশালয়ৰে সংগঠিত বিত্ত (সংস্থাপন বি) বিভাগ সমূহ এনেধৰনৰ
লেখন আৰু ৰাজকোষ নিৰ্দেশালয়
নিৰীক্ষা (স্থানীয় তহবিল) নিৰ্দেশালয়
আৰ্থিক পৰিদৰ্শন নিৰ্দেশালয়
ক্ষদ্ৰ সঞ্চয় নিৰ্দেশালয়
ৰাজ্যিক লটাৰী নিৰ্দেশালয়
সংস্থা ও সমিতীৰ পঞ্জীয়ন

অসম চৰকাৰৰ বিত্ত (সংস্থাপন বি) বিভাগটোৱে সৰ্বাঙ্গীন লেখ পৰিচালনা সংবাদ ব্যৱস্থা(চি টি এম আই এছ) প্ৰশাসনৰ সৈতে জড়িত আনুষাংগিক বিষয়বস্তুক সামৰি লোৱাৰ লগতে অন্যান্য কেতবোৰ দিশৰ লগতো লেনদেন বাহাল ৰাখে, যেনে- লেখ আৰু ৰাজকোষ নিৰ্দেশালয়, নিৰীক্ষা (স্থানীয় তহবিল) নিৰ্দেশালয়, আৰ্থিক পৰিদৰ্শন নিৰ্দেশালয়, ক্ষদ্ৰ সঞ্চয় নিৰ্দেশালয়, ৰাজ্যিক লটাৰী নিৰ্দেশালয়, অসম বিত্ত সেৱাৰ লগত জড়িত  নিযুক্তি, পদোন্নতি, বদলি পোস্টিং আৰু অন্যান্য স্থায়ীকৰন সম্পৰ্কীয় বিষয়, অসম লেখ সেৱা আৰু অসম নিৰীক্ষা সেৱা, পেঞ্চনধাৰী সকলৰ পুনঃসংস্থাপন আৰু বেতনৰ স্থায়ীকৰন, পাৰিতোষিকৰ অনুদান, ব্যাৱস্থাপকৰ পাৰিশ্ৰমিক আদি, বিভন্ন সমিতীৰ সদস্য,বোৰ্ড, আয়োগ আদি প্ৰশাসনীয় বিভাগৰ দ্বাৰা নিয়ুক্ত, অসম বিত্ত(আৰ্থিক)সেৱাৰ প্ৰতিস্থা, অসম বেতন গৱেষণা সেৱা আৰু বিত্ত বিভাগৰ সামগ্ৰিক প্ৰতিস্ঠাৰ বিষয়বস্তু, লেখ সাৱ্যস্তকৰণ, বিত্তীয় ক্ষমতাৰ প্ৰত্যাৰোপণ, আলেখ্য আৰু সন্বিতৰণ বিষয়া(ডিডিও)ৰ ঘোষণা।

আইন আৰু নিয়ম
নিম্নোলিখিত বিধি সমূহৰ বাবে বিত্ত (সংস্থাপন এ) বিভাগ কৰ্তৃপক্ষ দায়বদ্ধঃ
বিত্তীয় ক্ষমতাৰ প্ৰত্যাৰোপণ
অসম বিত্ত আৰু লেখ সেৱা নিয়ম
অসম লেখ সেৱা নিয়ম
বিভাগীয় অনুমোদন আৰু ৰূপায়ণ আঁচনি ১৯৮২ৰ অধীনত অসম আৰ্থিক পৰিদৰ্শন
অসম বিত্ত(বেতন গৱেষণা) সেৱা নিগম

বিত্ত(ব্যয় নিয়ন্ত্ৰণ-১)বিভাগ

তিনি ব্যয় নিয়ন্ত্ৰণ শাখাৰে সংগঠিত বিত্ত(ব্যয় নিয়ন্ত্ৰণ-১)বিভাগ এনে এক ব্যয় নিয়ন্ত্ৰণ শাখা,যি অন্যান্য প্ৰশাসনীয় বিভাগক দায়িত্ব অৰ্পণ কৰাৰ পৰিৱৰ্তে সকলো আঁচনি আৰু অনা আঁচনি ব্যয় অনুমোদনৰ বাবে দায়বদ্ধ।

বিত্ত(ব্যয় নিয়ন্ত্ৰণ-১)বিভাগে লেনদেন কৰা বিভাগ সমূহঃ
কৃষি বিভাগ
সহ-অভিযান
পৰিবেশ আৰু বন বিভাগ
মীন বিভাগ
উদ্যানবিদ্য আৰু খাদ্য প্ৰক্ৰিয়াকৰণ
জলসিঞ্চন
পঞ্চায়ত আৰু গ্ৰামীণ উন্নয়ন
সমাজকল্যণ
ভূমি সংৰক্ষণ
চাহ উপজাতি কল্যাণ
পশুচিকিত্সা আৰু পশুপালন
জল সম্পদ
সৰল উপজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ

বিত্ত(ব্যয় নিয়ন্ত্ৰণ-২)বিভাগ

বিত্ত(ব্যয় নিয়ন্ত্ৰণ-২)বিভাগ দ্বিতীয়টো ব্যয় নিয়ন্ত্ৰণ শাখা যি অন্যান্য প্ৰশাসনীয় বিভাগক দায়িত্ব অৰ্পণ কৰাৰ পৰিৱৰ্তে সকলো আঁচনি আৰু অনা আঁচনি ব্যয় অনুমোদনৰ বাবে দায়বদ্ধ।

বিত্ত(ব্যয় নিয়ন্ত্ৰণ-১)বিভাগে লেনদেন কৰা বিভাগ সমূহঃ
সীমান্তৱৰ্তী এলেকা
মুখ্য মন্ত্ৰীৰ সচিবালয়
নিৰ্বাচন
খাদ্য নাগৰিক সৰবৰাহ আৰু ভোক্তা বিষয়
সাধাৰণ প্ৰশাসন
হস্ততাঁত, টেক্সটাইল আৰু ৰেচমবিদ্য
আৱাস
অসম চুক্তি ৰূপায়ণ
উদ্যোগ আৰু বাণিজ্য
তথ্য আৰু জনসংযোগ
তথ্য প্ৰযুক্তি
বিধানসভা
খনি আৰু খনিজ
সংখ্যালঘুৰ কল্যাণ ও উন্নয়ন
পাৰ পত্ৰ
পৰিকল্পনা ও উন্নয়ন
ৰাজনৈতিক
শক্তি (বিদ্যুত)
মুদ্ৰণ আৰু নিশ্চল
ৰাজহুৱা উদ্যোগ
জন কৰ্ম
প্ৰশমন আৰু পুনঃসংস্থাপন
ৰাজহ আৰু দুৰ্যোগ ব্যবস্থাপনা
বিজ্ঞান আৰু প্ৰযুক্তি

বিত্ত(ব্যয় নিয়ন্ত্ৰণ-৩)বিভাগ

বিত্ত(ব্যয় নিয়ন্ত্ৰণ-৩)বিভাগ সৰ্বশেষ ব্যয় নিয়ন্ত্ৰণ শাখা যি অন্যান্য প্ৰশাসনীয় বিভাগক দায়িত্ব অৰ্পণ কৰাৰ পৰিৱৰ্তে সকলো আঁচনি আৰু অনা আঁচনি ব্যয় অনুমোদনৰ বাবে দায়বদ্ধ।

বিত্ত(ব্যয় নিয়ন্ত্ৰণ-৩)বিভাগে লেনদেন কৰা বিভাগ সমূহঃ
প্ৰশাসনিক সংস্কাৰ আৰু প্ৰশিক্ষণ
সাংস্কৃতিক বিষয়
শিক্ষা
আবকাৰী শুক্ল
গুৱাহাটী উন্নয়ন
সাস্থ্য আৰু পৰিয়াল কল্যাণ
পাৰ্বত্য অঞ্চল
ন্যায়িক
শ্ৰম আৰু সংস্থাপন
সংসদীয় বিষয়
পেঞ্চন আৰু জনতাৰ অভিযোগ
ব্যক্তিগত
জন স্বাস্থ্য পূৰ্ত্তবিজ্ঞান (ইঞ্জিনিয়াৰিং)
মাধ্যমিক শিক্ষা
সচিবালয় প্ৰশাসন
ক্ৰীড়া আৰু যুৱ কল্যাণ
পৰ্য্যটন
পৰিবহন
গ্ৰাম উন্ন্যয়ন

বিত্ত (নিৰীক্ষা ও পুঁজি) বিভাগঃ

নিৰীক্ষা আৰু ভৱিষ্যনিধি সম্পৰ্কীয় বিষয়বস্তুৰ লগতে বিত্ত (নিৰীক্ষা ও পুঁজি) বিভাগে লেনদেন কৰা আন বিষয় সমূহ বিশদভাবে আলোচনা কৰা হ’ল।

ভ্ৰমণ ভাত্তা
চৰকাৰী কৰ্মচাৰীৰ বিভিন্ন অগ্ৰগতি
দূৰভাষ সংযোগ
নিৰীক্ষা, বিশেষ নিৰীক্ষা
সামুহিক পুঁজিৰ ক্ষেত্তত ফাকি, অনিয়ম, আত্মসাত তথা অপসাৰণযোগ্য ঋণ ও অন্যান্য চৰকাৰী বকেয়া আৰু ৰাজহ উপশমৰ বাবে অবলোপন
বকেয়া পূৰ্ব নিৰীক্ষাৰ স্থায়ী অগ্ৰগতিৰ দাবী
আকস্মিকতাৰ হাতপুথি সংশোধন ও বাখ্যা  

বিত্ত (বাজেট) বিভাগঃ
বাজেটৰ প্ৰস্তুত আৰু উত্থাপন, বিল উপযোজন, অনুসংগিক আৱশ্যকতা, আকস্মিক পুঁজিৰ অনুসংগিক উপযোজন, আগতীয়া অনুমোদন আৰু ক্ষতিপূৰণৰ অনুমান, ঋণ আমানত ইত্যাদিবোৰ  আনুষাংগিক বিষয়বস্তুৰ প্ৰতি বিত্ত (বাজেট) বিভাগ  সদা দায়বদ্ধ।

উপযোজন পুঁজি
ৰাজ্যিক গ্ৰহণ
উপায় আৰু কৌশলৰ অগ্ৰগতি
কোষাগাৰ সম্পৰ্কীয় তথ্য (সংস্থাপন তথ্যৰ বাদে)
ঋণ, আমানত জমাৰাশিৰ ওপৰত সুত
ব্যক্তিগত খাতা বা হিছাপ-বহীৰ উগ্বোধন
ব্যয়ৰ ভাগ আৰু হিচাপৰক্ষণ কাৰ্য্যবিধি
বাজেট উত্থাপনৰ প্ৰস্তুতি

বিত্ত (অৰ্থনৈতিক বিষয়) বিভাগঃ
বিত্ত (অৰ্থনৈতিক বিষয়) বিভাগে লেনদেন কৰা আনুষাংগিক বিষয়বস্তু সমূহ এনেধৰনৰঃ

আঁচনিৰ বাবে সম্পদ
বিত্ত নিগম
ৰাজ্যিক বিত্ত নিগম
আঁচনি গঠন আৰু কেন্দ্ৰীয় সহায়ক পৰিকল্পনা
কৰ ব্যয় সংস্থাৰ বিভিন্ন দিশ আৰু ৰাজ্যৰ অৰ্থনীতিত তাৰ প্ৰভাব সম্পৰ্কে বিভিন্ন বিভাগৰ দ্বাৰা গৱেষণা কৰাৰ অন্তত কেন্দ্ৰীয় চৰকাৰক পুনৰীক্ষণৰ দাবী
লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কীয় বিষয়বস্তু ৰাজহ দায়বদ্ধতা আৰু বাজেট পৰিচালনা (এফ আৰ বি এম) আইনৰ অধীনস্থ
অসম বিত্ত নিগম সংস্থা
ক্ষুদ্ৰ সঞ্চয় বিষয়ক সঞ্চালক (সংস্থাপন তথ্যৰ বাদে)
অসম, মেঘালয় আৰু মিজোৰামৰ মাজত সম্পদ ও দায়ৰ সমভাগৰ বিষয়বস্তুৰ সৈতে অসম পুনঃসংগৃহীত আইন ১৯৭১ সম্পৰ্কিত

প্ৰশাসনীয় নিয়ম ও আইনঃ
অসম ৰাজহ দায়বদ্ধতা আৰু বাজেট পৰিচালনা আইন,২০০৫

বিত্ত বিভাগ(অৰ্থনৈতিক বিষয়)ৰ অধীনস্থ শাখাঃ

নিস্নোক্ত বিভাগ সমূহ বিত্ত বিভাগ(অৰ্থনৈতিক বিষয়)ৰ অধীনস্থ

অসম বিত্ত নিগম (এ এফ চি): ৰাজ্যিক বিত্ত আয়োগ আইন, ১৯৫১ৰ অধীনস্থ অসম বিত্ত নিগম প্ৰতিস্থা হৈছিল ৩(এ) ধাৰা অন্তৰ্গত, যুটীয়া ৰাজ্যিক বিত্ত নিগমৰ ৰূপত। ১৯৫৪ চনত পূৰ্ব-অবিভক্ত অসমক মণিপুৰ আৰু ত্ৰিপুৰাৰ দুই কেন্দ্ৰশাসিত অঞ্চলৰ অন্তৰ্ভূক্ত কৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলক পৰিচালনা কৰিছিল। উত্তৰ পূৱৰ মুখ্য বিত্তীয় সংস্থা অনুসৰি অসম বিত্ত নিগমৰ জন্মৰ আৰম্ভনিতে অন্যান্য বিত্তীয় সংস্থা আৰু বেংকৰ তুলনাত প্ৰচাৰৰ গুৰূত্ব পৰিলক্ষিত হৈছিল। অসম বিত্ত নিগমৰ মূলধনৰ উতস ও সংৰক্ষিত পুঁজি অংশগ্ৰহণকাৰী ৰাজ্যিক চৰকাৰৰ পৰা মূলধন ভাগ কৰে আৰু লোনৰ অগ্ৰিম পুনৰোদ্ধাৰৰ বাবে ভাৰতীয় উদ্যোগ উন্নয়ন বেংকে(আই ডি বি আই)[বৰ্ত্তমানৰ ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক(এছ আই ডি বি আই)]পুনঃঅৰ্থনৈতিক সংস্থানৰ মাধ্যমেৰে,বজাৰে সংবিধিবদ্ধ তাৰল্য অনুপাতত আৰু আ্যড- হকে ঋণ গ্ৰহণ কৰে ৰিজাৰ্ভ বেংকৰ পৰা।

সংস্থাৰ অবয়ব নিম্নোক্ত ধৰনে উপস্থাপন কৰা হয়ঃ

ৰাজহ পৰিচালনা সন্থা (এফ এম ইউ):  “অসম প্ৰশাসন আৰু জন সম্পদ ও উন্নয়ন কৰ্মসূচী ব্যবস্থাপনা খণ্ড”ৰ পৃষ্থপোষকতাত এচিয়া উন্নয়ন বেংকৰ অধীনত ৰাজহ পৰিচালনা সন্থা প্ৰতিস্থা হৈছিল।বিস্তৃত ৰাজহ ব্যবস্থাপনা সংস্কাৰ ২০০৪ চনত ভাৰত চৰকাৰৰ অধীনস্থ হয়। এচিয়া উন্নয়ন বেংক আৰু বিভিন্ন অংশীদাৰৰ সৈতে সমন্বয় ৰক্ষাৰ বাবে ৰাজহ পৰিচালনা সন্থা দায়বদ্ধ আৰু নিয়মিত ভিত্তিত অসম চৰকাৰৰ বহিঃ তথা অভ্যন্তৰ বিশেষজ্ঞৰ সহাঁৰিৰ বাবে অনুৰোধ জনাব পাৰে।

বিত্ত(কৰ)বিভাগঃ  বিত্ত(কৰ)বিভাগ সমস্ত কৰৰ ক্ষেত্ৰত প্ৰশাসনীয় কতৃপক্ষ হিচাপে কাৰ্যক্ষম। কৰ আয়ুক্ত, বিত্ত(কৰ)বিভাগৰ প্ৰশাসন নিয়ন্ত্ৰনৰ অধীনস্থ। ১১টা শাখাৰে সৈতে ১০ মাণ্ডলিক বিষয়া,৫ উত্তৰবিচাৰকাৰী বিষয়া,৩৪ একক কাৰ্যালয়,২৩ আৰোগ্য কাৰ্যালয় এই বিভাগৰ অন্তৰ্গত।

কৰ আয়ুক্তঃ  অসম চৰকাৰৰ বাবে ন-পৰামৰ্শ,খচৰা আইন প্ৰস্তুত, কৰ বিভাগৰ সম্পূৰ্ণ প্ৰশাসন কৰ আয়ুক্তৰ নিয়ন্ত্ৰনাধীন। কৰৰোপনৰ পৰিমান আৰু বিভিন্ন কৰ আইনৰ বিধান সংশোধনত কৰ আয়ুক্তই সহায় কৰে। আয়ুক্তৰ নেতৃত্তাধীন,শাসনাধিষ্ঠিত সকলো কৰ আৰোপকাৰী সাধাৰণ নিয়ন্ত্ৰণ নিশ্চিত কৰন, মাণ্ডলিক ও একক কাৰ্যালয়ৰ ৰক্ষণাবেক্ষণ আৰু কৰ ফাঁকি দিয়াৰ বিৰুদ্ধে ৰক্ষকৰ ৰূপত কৰ্মী নিযুক্তি দিবলৈ কৰ আয়ুক্ত দায়বদ্ধ। সম্পূৰ্ণ কৰ আইন ও বিধিৰ অধীনস্থ আৰ্জীৰ পুনৰীক্ষন নিস্পত্তিও কৰ আয়ুক্তৰ কতৃত্বাধীন। সদৰ দপ্তৰ তথা আঞ্চলিক পৰ্য্যায় উভয়তেই অতিৰিক্ত কৰ আয়ুক্ত, যুটীয়া কৰ আয়ুক্ত, উপায়ুক্ত, সহকাৰী কৰ আয়ুক্ত, কৰ অধীক্ষক আৰু পৰিদৰ্শকেই কৰ আয়ুক্তৰ দ্বাৰা সহায় লাভ কৰে।

শাসকীয় আইন ও বিধিঃ

নিম্নোলিখিত বিধি প্ৰশাসনৰ বাবে বিত্ত(কৰ)বিভাগ দায়বদ্ধঃ

অসম কৃষি আয়কৰ আইন
অসম বিনোদন আৰু পণ আইন
অসম বিক্ৰী কৰ আইন
অসম কেন্দ্ৰীয় বিক্ৰী কৰ আইন
অসম প্ৰবেশ কৰ আইন
অসম মূল্য সংযোজন কৰ আইন
অসম বিদ্যুত শুক্ল কৰ আইন
অসম ব্যয় আৰু বিলাসিতা কৰ আইন
অসম বৃত্তি, বাণিজ্য, কলিং আৰু কৰ্মসংস্থাপন কৰ আইন

বিত্ত(বেতন গৱেষণা সন্থা)বিভাগঃ 
বিত্ত(বেতন গৱেষণা সন্থা)বিভাগে নিম্নোলিখিত বিষয়সমূহৰ সৈতে লেনদেন কৰেঃ
ৰাষ্ট্ৰীয় বেতন আয়োগৰ সংবিধান/কাৰ্যৱলী
অসম সেৱা আইনৰ(আৰ ও পি) বাখ্যা
বেতনৰ নিৰীখ আৰু অন্যান্য লাভালাভ ন্যায়পালিকা অধীন (শ্যেট্টী আয়োগ)
পৰীক্ষা /বেতন বিসংগতিৰ সুবিবেচনা
বিভিন্ন সামাজিক খণ্ডৰ বেতন প্ৰণয়নৰ গঠন
বিপদসংকুল ভাত্তাৰ অনুমোদন
কাৰিকৰী শিক্ষাৰ নিৰ্ধাৰিত বেতনৰ বাবে বিশেষ বেতন, বিশ্ববিদ্যালয় অনুদান আয়োগ(ইউ জি চি)/ সৰ্বভাৰতীয় পৰিষদক অনুমতি প্ৰদান
অগ্ৰিম বৃদ্ধিৰ বাবে অনুমতি প্ৰদান

বিত্ত(কৰ্মী পৰিদৰ্শন সন্থা)বিভাগঃ
বিত্ত(কৰ্মী পৰিদৰ্শন সন্থা)বিভাগক অৰ্পণ কৰা দায়িত্ব সমূহ উল্লেখ কৰা হ’লঃ
সচিবালয়ত কৰ্মৰ হেঁচা আৰু অন্যান্য বিভাগৰ লগতে অতিৰিক্ত কৰ্মচাৰী আৰু পদৰ মূল্যায়ন তথা অতিৰিক্ত পদ আৰু কৰ্মচাৰীক অন্য কাৰ্য্যালয় নাইবা আন বিভাগলৈ স্থানান্তৰণ। 
চৰকাৰী বিভাগ/বিভাগীয় প্ৰধান তথা চৰকাৰ অধীনস্থ কাৰ্য্যালয়ত শূন্যতা পূৰাবলৈ সৃষ্টি/প্ৰতিধাৰনৰ বাবে অনুমোদন ।
ৰাজ্য চৰকাৰৰ বিভিন্ন কাৰ্য্যালয়ত কৰ্মচাৰী নিযুক্তিৰ যুক্তিকৰন আৰু পদৰ উন্নয়ন ।

আনুষ্ঠানিক বিত্ত বিভাগঃ
অসম বিত্ত বিভাগৰ অধীনত ১৯৭৯ চনত আনুষ্ঠানিক বিত্ত বিভাগ সৃষ্টি হৈছিল। ইয়াৰ আগতে এই বিভাগটো বিত্ত(কৰ)বিভাগৰ অংশ বিশেষ আছিল। অসম বিত্ত(অৰ্থনৈতিক)সেৱাৰ নিৰ্দেশকৰ তত্বাবধানত আনুষ্ঠানিক বিত্ত বিভাগ পৰিচালিত হয়। এই বিভাগটোৰ মূল উদ্দেশ্য আছিল ৰাষ্ট্ৰীয় আৰ্থ-সামাজিক নীতি অনুযায়ী অৰ্থনীতিৰ বিভিন্ন খণ্ডলৈ বেংক ঋণ দিয়া।জনসাধাৰনৰ বিকাশ ও কল্যাণত বাঞ্ছিত সেৱা সুৰক্ষাৰ বাবে ৰাজ্যৰ বেংক আৰু অন্যান্য অৰ্থনৈতিক প্ৰতিস্থানৰ সৈতে সমন্বয় স্থাপনৰ ক্ষেত্ৰত আনুষ্ঠানিক বিত্ত বিভাগে মুখ্য ভূমিকা গ্ৰহন কৰে। এই বিভাগটোৱে মুলতঃ বেংক আৰু বাণিজ্য, কোম্পানীৰ কাম-কাজৰ লগতে চৰকাৰৰ অংশগ্ৰহনত সামূহিক উদ্যোগৰ লগত জড়িত  বিষয়বস্তু সমূহৰ সৈতে লেন-দেন কৰে।

আনুষ্ঠানিক বিত্ত বিভাগে লেন-দেন কৰা বিষয় সমূহ এনেধৰনৰঃ
বিভিন্ন ধৰনৰ ঋণৰ লগত জড়িত বিষয় বা আঁচনিৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংক(আৰ.বি.আই), ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক(নবাৰ্ড) আৰু ৰাজ্যিক পৰ্য্যায়ৰ বেংক কৰ্মীসন্থাৰ সৈতে সমন্বয় ।
অনুসূচিত বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰামীণ বেংক, সমবায় বেংক ইত্যাদিৰ সৈতে জড়িত বিষয়বস্তু।
গ্ৰামোন্নয়ন বেংক আৰু বেংক শাখা কাৰ্যতন্ত্ৰৰ সম্প্ৰসাৰণৰ বাবে পুঁজি বিতৰণ ইত্যাদিৰ সৈতে জড়িত বিষয়বস্তু।
কৃষকৰ ঋণপত্ৰ, ফচল ঋণ, গ্ৰাহকলৈ পুঁজিৰ বৈদ্যুতিক মুনাফা স্থানান্তৰ, বাকীজই সংগ্ৰহ ইত্যাদিৰ সৈতে জড়িত বিষয়বস্তু।
জিলা পৰ্য্যায় পৰ্য্যালোচনা সমিতিৰাজ্যিক পৰ্য্যায় সমন্বয় আৰু পৰ্য্যালোচনা সমিতি, জিলা পৰ্য্যায় পৰামৰ্শদায়ক সমিতি, আৰ.আৰ.বি ৰ বাবে ক্ষমতাপ্ৰাপ্ত সমিতি, চিট অনুদান, বেংক বহিৰ্ভূত সংস্থা ইত্যাদিৰ সৈতে জড়িত বিষয়বস্তু।

প্ৰশাসনীয় বিধি আৰু আইনঃ
উল্লেখিত প্ৰশাসনীয় বিধি সমূহৰ বাবে আনুষ্ঠানিক বিত্ত বিভাগ দায়বদ্ধঃ
অসম ঋণ আইনৰ পুনৰুদ্ধাৰ
বেংগল পাব্লিক ডিমাণ্ড ৰিকোভাৰী এক্ট
অসম ৰাজহ দায়িত্ব আৰু বাজেট নিয়ন্ত্ৰন আইন,২০০৫