মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিত্ত বিভাগ

কৰৰোপণ আইনৰ অধীনত কৰৰ প্ৰত্যাৰ্পণ

  • বিভিন্ন আইন ও বিধি সমূহৰ অধীনত অৰ্থৰ প্ৰত্যাৱৰ্ত্তন। অসম মূল্য সংযোজন কৰ আইন ২০০৩, অসম প্ৰবেশ কৰ ২০০৮, অসম  কৃষি কৰ আইন ১৯৩৯ আৰু কেন্দ্ৰীয় বিক্ৰী কৰ আইন ১৯৫৬, নিৰ্দিষ্ট বিত্তীয় বছৰৰ বাবে বিভিন্ন ব্যবসায়ীৰ দ্বাৰা অগ্ৰিম কৰৰ অতিৰিক্ত পৰিশোধৰ বিৰুদ্ধে মূল্যায়ণ কৰ্তৃপক্ষ যথাযথ মূল্যায়ণৰ পিছত আবেদনৰ ক্ষেত্ৰত সংশ্লিষ্ট ব্যবসায়ী গ্ৰহণযোগ্য।

    ২১(1)(e) বিধৰ সৈতে পঠিত অসম মূল্য সংযোজন কৰ আইনৰ ৫০ ধাৰাৰ অধীনত অনুমোদনৰ প্ৰত্যাৰ্পণ কৰিবলৈ সহ কৰ আয়ুক্ত/কৰ অধীক্ষক দক্ষ কৰ্তৃপক্ষ। যি কি নহওক প্ৰত্যাৱৰ্ত্তনৰ পৰিমাণ যেতিয়া ৩ লাখ লৈ অতিক্ৰম কৰে তেতিয়া সহ কৰ আয়ুক্ত/কৰ অধীক্ষকে, মা্ণ্ডলিক কৰ উপায়ুক্তলৈ প্ৰেৰণ কৰে। ১০ লাখ টকা পৰ্যন্ত অৰ্থ প্ৰত্যাৱৰ্ত্তনৰ অনুমোদনত সন্মতি প্ৰদান কৰিবলৈ মা্ণ্ডলিক কৰ উপায়ুক্ত ক্ষমতাপ্ৰাপ্ত। যেতিয়া প্ৰত্যাৱৰ্ত্তনৰ পৰিমাণ ১০ লাখ টকা অতিক্ৰম কৰে তেতিয়া মা্ণ্ডলিক কৰ উপায়ুক্তই, কৰ আয়ুক্ত, অসমলৈ উক্ত বিষয়টো প্ৰেৰণ কৰা প্ৰয়োজন। ৫০ লাখ টকা পৰ্যন্ত অৰ্থ প্ৰত্যাৱৰ্ত্তনৰ অনুমোদনত সন্মতি প্ৰদান কৰিবলৈ কৰ আয়ুক্ত, অসম ক্ষমতাপ্ৰাপ্ত। যদিহে প্ৰত্যাৱৰ্ত্তনৰ পৰিমাণ ১০ লাখ টকা অতিক্ৰম কৰে কৰ আয়ুক্তই বিষয়টো সন্মতি প্ৰদানৰ বাবে চৰকাৰলৈ প্ৰেৰণ কৰিব। মা্ণ্ডলিক কৰ উপায়ুক্ত/ কৰ আয়ুক্ত, অসম/চৰকাৰৰ পৰা অনুমোদনৰ প্ৰাপ্তিত হয়তো বিষয়টো কৰ সম্পৰ্কীয় সহকাৰী আয়ুক্ত/ কৰ অধীক্ষকে ব্যৱসায়ীলৈ ৰচিদৰ প্ৰত্যাৰ্পণ জাৰী কৰিব।

    অসম কৃষি আয়কৰ আইনৰ ক্ষেত্ৰত, ১০ লাখ টকা কৰ প্ৰত্যাৱৰ্ত্তনৰ অনুমোদনৰ বাবে কৰ আয়ুক্ত,অসম ক্ষমতাপাপ্ত।