মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিত্ত বিভাগ

মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰামোন্নয়ন যোজনা (চি এম এছ জি ইউ ৱাই)

  • ২০১৬-১৭ বিত্তীয় বৰ্ষত আৰম্ভ   হোৱা ৫ বছৰীয়া বৃহত্ উদ্দেশ্যটোৱেই হ’ল  মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰামোন্নয়ন যোজনা (চি এম এছ জি ইউ ৱাই) যিটো  ভাৰত স্বাধীনৰ ৭৫ বছৰৰ সৈতে সংগতি ৰাখি ২০২১-২২ বিত্তীয় বৰ্ষত সমাপ্ত কৰিবলৈ নিৰ্ধাৰিত কৰা হৈছে।

    মাননীয় প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ লক্ষ্যৰ সৈতে সামঞ্জস্য থকা এই যোজনাৰ প্ৰধান উদ্দেশ্য হৈছে পামৰ আয় দুগুণ বৃদ্ধি কৰা।

    কিয় মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰামোন্নয়ন যোজনাঃ

    বৰ্ত্তমান উন্নয়ন যি হাৰ তেনেস্থলত পামৰ আয় দুগুণ বৃদ্ধি হওঁতে প্ৰায় ৮০ বছৰ লাগিব। এই ক্ষেত্ৰত চৰকাৰ কৰ্তৃপক্ষৰ সমস্যা সমাধানৰ পক্ষে সাধাৰণ হস্তক্ষেপ পৰ্যাপ্ত নহ’ব।

    চি এম এছ জি ইউ ৱাইঃ আগুৱাই যোৱাৰ পথতঃ

    চি এম এছ জি ইউ ৱাইৰ অধীনত পামৰ আয় দুগুণ বৃদ্ধিৰ সপোন বাস্তৱায়িতৰ লক্ষ্যত পাঁচ বছৰৰ ম্যাদত সম্পূৰ্ণ গ্ৰাম্যাঞ্চল সবলীকৰণৰ বাবে ব্যাপক বিনিয়োগ অৱতাৰণা কৰাৰ প্ৰস্তাৱ গৃহীত কৰিবলৈ মনোনিবেশ আৰু একত্ৰিত হৈছে।

      ১. প্ৰত্যক্ষ অৰ্থনৈতিক ক্ৰিয়াকলাপ, ২. বজাৰ সম্পৰ্কক সামৰি দাৰ্শনিক সমৰ্থন, ৩. সম্প্ৰদায় সমৰ্থন আদিত কেন্দ্ৰীভূত হস্তক্ষেপৰ মাধ্যমত প্ৰত্যেকখন ৰাজস্ব গ্ৰামক আৱৰি ‘স্যাচুৰেশ্যন মডেল’ এটি আহৰণ কৰা চেষ্টা কৰা হয়।

    ওপৰোক্ত কেন্দ্ৰীভূত হস্তক্ষেপ সমূহ নটা সমালোচিত ক্ষেত্ৰত লক্ষ্য কৰা হয় লগতে সম্পৰ্কিত উদ্দেশ্যবোৰ হ’লঃ

    ১. মীন অভিযান

    ২. দুগ্ধ অভিযান

    ৩. জৈৱিক অভিযান

    ৪. ভূমি ব্যৱস্থাপনা আৰু সংৰক্ষণ অভিযান

    ৫. ৰেচম বিদ্যা, খাদী আৰু কুটীৰ উদ্যোগ

    ৬. পথ আৰু উচ্চ সঞ্চাৰ সংযোজিতা

    ৭. অৰ্ধ-সংসাধন, সংসাধন আৰু বজাৰ সম্বন্ধ

    ৮. “যুৱ যোগ ক্ৰীড়া” উদ্দেশ্য আৰু,

    ৯. পৰম্পৰাগত নামঘৰ আৰু অন্যান্য সম্প্ৰদায় সংস্থা মাধ্যমত গ্ৰাম্য শিক্ষা কেন্দ্ৰ উন্নয়নৰ  দ্বাৰা ই-গ্ৰাম উদ্দেশ্য সবল কৰা।

    মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰামোন্নয়ন যোজনা (চি এম এছ জি ইউ ৱাই) ৰ বিষয়ে জানিবলৈ ইয়াত ক্লিক কৰকঃ Click here for more about Chief Minister's Samagra GramyaUnnayan Yojana