মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিত্ত বিভাগ

কৰ সঞ্চয় আঁচনি

সময় জমাৰাশি একাউন্ট

সময় জমাৰাশি এক্যাউন্ট চাৰিটা সময়সীমাত খুলিব পাৰি-এবছৰ, দুবছৰ, তিনিবছৰ আৰু পাচঁবছৰতকোনো ব্যক্তি এক্যাউন্ট খোলাৰ নূন্যতম পৰিমান ২০০ টকা যদিও অধিকতম সীমা নাই। ৫বছৰৰ সময় জমাৰাশিৰ অধীনত আয়কৰ আইন, ১৯৬১ৰ ৮০ চি ধাৰাৰ অন্তৰ্গত সুবিধাৰ বাবে যোগ্যতা অৰ্জন কৰে।

উত্সঃ ইণ্ডিয়া পোষ্ট

জন ভৱিষ্যনিধি নিক্ষেপ একাউন্ট

বিনিয়োগ আঁচনি যত কোনো এজন ব্যক্তিয়ে ১০০ টকাৰে এক্যাউন্ট খুলিব পাৰে কিন্তু বিত্তীয় বৰ্ষত নূন্যতম ৫০০ টকাৰ পৰা অধিকতম ১.৫ লাখ টকা জমাৰাশি হিচাপে ৰাখিব লাগিব। জমাৰাশি সমূহ মোটা অংকত অথবা ১২টা কিস্তিত সমানে হিচাপ কৰা হয়। আয়কৰ আইন, ১৯৬১ৰ ৮০ চি ধাৰাৰ অধীনত জমাৰাশি সমূহ আয়ৰ আওতাত থাকি কাটিবলৈ যোগত্যা অৰ্জন কৰেতদুপৰি সুদ আদায় সম্পূৰ্ণ কৰমুক্ত।

উত্সঃ ইণ্ডিয়া পোষ্ট

ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণ পত্ৰ আঁচনি (এন এছ চি) (অষ্টম সংস্কৰণ)-

এই অতিকৈ জনপ্ৰিয় আঁচনিখন,আয়কৰ লাভালাভৰ সৈতে সংগতি ৰাখি বিশেষকৈ ৰূপাঙ্কণ কৰা হৈছে বৈতনিক পেশাদাৰী আৰু ব্যৱসায়ী দুযোৰে বাবে। ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণ পত্ৰ আঁচনিৰ অধীনত কোনো ধৰনৰ কৰ বিয়োগ কৰা নহয় আৰু আয়কৰ আইন, ১৯৬১ৰ ৮০ চি ধাৰাৰ অধীনত বছৰি ১ লাখ টকা লৈকে বিনিয়োগত আয়কৰ ৰেহাইৰ বাবে যোগ্যতা অৰ্জন কৰিব।

উত্সঃ ইণ্ডিয়া পোষ্ট

জেষ্ঠ নাগৰিক সঞ্চয় আঁচনিঃ

এই আঁচনিৰ অধীনত একক আমানত হিচাপে এক্যাউন্টত ১হাজাৰ টকাৰ পৰা সৰ্বোচ্চ ১৫লাখ টকা পৰ্যন্ত জমা ৰাখিব লাগিব। এক্যাউন্টতো খুলিবলৈ এক্যাউন্টৰ গৰাকীৰ বয়স ৬০ বা ততোধিক হোৱাতো প্ৰাথমিক মাপকাঠী। যি কি নহওক কোনো এজন ব্যক্তিৰ বয়স যদি ৫৫ বছৰ বা তাতকৈ বেছি কিন্তু ৬০ত কৈ কম বা বাৰ্ধক্যৰ বাবে ঐচ্ছিক অৱসৰ গ্ৰহণ কৰিছে তেন্তে ঐচ্ছিক অৱসৰ আঁচনিৰ সুবিধাসমূহ প্ৰাপ্তিৰ এক মাহৰ ভিতৰত এক্যাউন্ট খোলাৰ চৰ্ত সাপেক্ষে খুলিব পাৰে কিন্তু অৱসৰ গ্ৰহণৰ সুবিধাৰ পৰিমাণ অতিক্ৰম হোৱাটো অনুচিত।সুতৰ পৰিমাণ যদি বছৰি ১০হাজাৰত কৈ বেছি তেন্তে সুতৰ উত্স অনুসৰি টি ডি এছ বিয়োগ কৰা হয়

উত্সঃ ইণ্ডিয়া পোষ্ট

সুকন্যা সমৃদ্ধি এক্যাউন্টঃ

সুকন্যা সমৃদ্ধি আঁচনি বিশেষকৈ কন্যা সন্তানৰ পিতৃৰ কাৰনে ৰূপায়ণ কৰা হৈছে। বেটী বচাওঁ, বেটী পঢ়াওঁ কাৰ্যসূচীৰ অংশ স্বৰূপে ২০১৫ চনৰ জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই আঁচনিখন ৰূপায়ন কৰে। সুকন্যা সমৃদ্ধি হিচাপ আঁচনিৰ পৰা উভতি অহাখিনি আয়কৰ আইন, ১৯৬১ৰ ৮০ চি ধাৰাৰ অধীনত আয়কৰৰ পৰা সম্পূৰ্ণ ভাবে ৰেহাই পাব।

উত্সঃ ইণ্ডিয়া পোষ্ট